Nov 20, 2012

মুকুতি




মোৰ চকুত এতিয়া ওখ ওখ অট্টালিকা আৰু চকু ছাঁট মাৰি যোৱা পোহৰ |

হাতত তোমাৰ হাত...

দৌৰিছোঁ...উশাহ সলাবলৈকো নাই সময় | ফেপেৰি পাতি আগভেটি ধৰিছে প্ৰচণ্ড শীতৰ কণিকাবোৰে | কুকুৰনেচীয়া বাঘৰ দলৰ দৰে পিছ লৈছে মোৰ বিশৃংখল অতীতৰ টুকুৰাবোৰে | শৰীৰৰ মাংসপিণ্ডবোৰ ছিটিকি ওলাই যোৱাৰ উপক্ৰম হৈছে, গৰম তেজে তপত লাভাৰ দৰে মগজু উতলাব ধৰিছে | একো গমিবলৈ সময় নাই, একো ভাবিবলৈ শকতি নাই ... অথাহ শূন্যৰ পৰা সৰি পৰা এটি আশাৰ তৰাক বুকুত বান্ধি লৈ তোমাৰ হাত খামুচি দৌৰিছোঁ মাথোন | 

চন্দামাছৰ দৰে জিলিকি পৰিছে আমাক চাই ৰোৱা মানুহৰ চকুবোৰ | নাৰাজ তেওঁলোকৰ চেহেৰাই নামঞ্জুৰ কৰি দিছে আমাৰ অভিলাষা | আচৰিত হোৱা নাই মইক... আস্পৰ্ধাও নাই মনৰ ভিতৰত | সমাজৰ দৃষ্টিত পৰিচয়বিহীন আমাৰ আচৰণৰ অস্তিত্ব; কোনেও বুজি নাপাব, কোনেও মানিও নল’ব | স্বপ্নাৱিষ্ট হৈ অন্ধৰ দৰে খামুচি ধৰা নাই তোমাৰ হাত | তোমাৰ বিবাহৰ খবৰ পোৱাৰে দিনাই ঠিৰাং কৰিছিলোঁ- মৰহি যাবলৈ নিদিম এই আলজালত তোমাৰ আৰু মোৰ প্ৰেম-কাহিনীক | ফুলাম পুনৰ শুকান মাটিত মনোমোহা অৰ্কিড | 

হাতত এতিয়া তোমাৰ হাত; 
অট্টালিকাৰ নিৰ্বাক হট্টগোল পাৰ হৈ আমি দৌৰিছোঁ মুকুতিৰ দিশে ... 

Santanu Changmai
New Delhi


Oct 27, 2012

বনগীত





"বনগীত"

চুচুক চামাককৈ আহি শীতৰ সন্ধিয়াবোৰে দুৱাৰ-খিড়িকীত টোকৰ মাৰিছে | শেতেলিলৈ হাত বাউল দি মাতিছে ইমান দিন লুকাই থকা উমাল সময়বোৰে | আঁতৰি যোৱা সূৰুযমূখী চৰাইজাকৰ কাকলিৰে উপচি পৰিছে বাগিচাৰ চৌহদ | ইমান উখল-মাখল, ইমান ভালপোৱাৰ মাজত তাইৰ চকুকেইটা হৰিণীৰ নয়নৰ দৰে বহল হৈ পৰিছে | 

সঁচাকৈয়ে আহিছিল নে অলংকাৰ তাইৰ জীৱনলৈ ?তাইৰ শুষ্ক ৰঙবিহীন কেনভাছত আবিৰ ঢালি ৰঙীন কৰি তুলিবলৈ কিয় আহিছিল সি বসন্তৰ গীত গুণগুণাই? তাৰ তপত ওঁঠত লাগি আছিল নেকি বাৰু চলনাৰ মৌ? তেতিয়াই নাচালে বাৰু কিয় তাই, তেতিয়াই কিয় তাৰ বুকুখন ফালি চাবলৈ চেষ্টা নকৰিলে কিমাননো নিৰ্মোহ আছিল তাৰ প্ৰেমৰ প্ৰাসাদৰ অনুপম সংগীত ? 

অলংকাৰৰ আবেগত প্ৰতিধ্বনিত হৈছিল গীতুৰ অন্তৰৰ নিবিড়ত চেপা খাই থকা গানৰ কলি; মন্ত্ৰৰ দৰে ফুটিছিল কবিতা তাৰ প্ৰতিটো আখৰত | কি দৰে, কি দৰে নো তাই প্ৰস্তৰৰ দৰে অন্ধ-কঠিন হৈ উফোৰাই পঠাব সেই চেনেহৰ নিজৰা? নপঠালে ! এটি এটিকৈ কেঁকুৰীবোৰেদি বৈ গ’ল অলংকাৰৰ ৰিণি ৰিণি শব্দৰ সমদল- ভোল গ’ল তাই, অভিভূত হৈ শিৰ তাইৰ দোঁ খালে প্ৰকৃতিৰ অনাৱিষ্কৃত বিস্ময়ৰ আগত | 

শৰতৰ কোনোবা পুৱতি নিশাতে কোনো মৌন গজল আওৰাই অলংকাৰ অন্তৰ্দ্ধান হ’ল | 

গীতু থমকি ৰ’ল | তাইৰ বুকুত বাজিল দামামা | প্ৰতিটো ৰন্ধ্ৰই তাৰ নাম জপি তাইক বিয়াকুল কৰিলে | অপেক্ষাত বুৰ গ’ল কতনা আবেলি | আশাৰ জোনাকত নগ্ন শৰীৰ ডুব যাবলৈ এৰি দি তাই আঙুলিৰ নখবোৰ কামুৰি কামুৰি চুটি কৰি পেলালে | নখবোৰ আকৌ দীঘল হ’ল | উখহা চকু শাঁত পৰিল | তেও সি নাহিল | বুকুভৰি জমা হৈ ৰোৱা দুখবোৰ তাই এদিন কান্দি কান্দি উটুৱাই দিলে | দুখবোৰ গৈ গেলা খাল এটাত জমা হৈ লাহে লাহে শুকাই গ’ল | 

তাই বন্ধ খিড়িকীখনৰ কপাট চুই চাইছে | চেঁচা...!

চুচুক চামাককৈ আহি শীতৰ সন্ধিয়াবোৰে দুৱাৰ-খিড়িকীত টোকৰ মাৰিছে |

তাই আৰু তালৈ বাট চাই টোপনি খতি নকৰে | গোট মাৰি যোৱা হৃদয়খনলৈ তাই পোহৰ সোমাবলৈ দিব | হাত ভৰি ঠেৰেঙা লগা কোনোবা এটা নিশাতে জাৰক আওকাণ কৰি তাই সোমাই যাব অচিনাকি হাবিখনলৈ | বিচাৰি বিচাৰি বুটলি আনিব নাম নজনা বনৰীয়া ফুল | ফুলদানীত সজাই তাই চ’ৰাঘৰটো ধুনীয়া কৰি পেলাব | পদূলিত আকৌ থিয় দিব | দূৰৈৰ পৰা ভাঁহি আহিব কোনোবা গৰখীয়াৰ ঘৰমূৱা গীত| তাই মিচিকিয়াই হাঁহিব | 


শান্তনু চাংমাই
নতুন দিল্লী



Oct 17, 2012

আমৃত্যু


"আমৃত্যু"

যাযাবৰী জীৱনৰ দুপৰবেলা ক্ষন্তেক জিৰাবলৈ লৈ বাটৰ কাষৰ আমলখি গছজোপাৰ তলতে বহিছোঁ | জোলোঙাৰ পৰা দাপোণখন উলিয়াই লৈ নিজকে এবাৰ চাইছোঁ- চিনি পাবলৈ বৰ কষ্ট হৈছে | অবিন্যস্ত চুলি, এপথাৰ ডাঢ়ি, এক ইঞ্চি মলিনতাৰে আৱৰি ৰখা ছালচটাৰ ভিতৰলৈ গৈ নিজকে চিনি পাবলৈ সঁচাই বৰ কষ্ট হৈছে | চকুযুৰিলৈ চাইছো এইবাৰ- এইহালটো মোৰ চকু নহয়; দুহেজাৰ তিনিশ  ওঠৰ দিন আগতে তুমিয়ে এৰি থৈ যোৱা নাছিলা জানো? কোৱা নাছিলা জানো- যে তোমাৰ চকু, লাহী কঁকাল, চুলি সকলোবোৰ মোৰ একচেটিয়া সম্পত্তি? বাকী সকলো বোৰ টোপোলা বান্ধি লৈ যোৱাৰ পিছতো যে চকুহাল এৰি থৈ গ’লা?- বৰ আচৰিত কথা ! 

এতিয়া মোৰ বাকী আছেনো কি? অনুৰাগ, অনুভূতি, আবেগ সকলোবোৰ দেখোন তুমি লুটি নিলা? মৰাশ এটাৰ দৰে ঘূৰি ফুৰিছো মাথোন- তুমি হয়তো নাজানা, কেতিয়াবা আঁউসী মাজনিশা তোমাৰ পদূলিত গৈ থিয় হৈ থাকো- কিবা এটা ভাল লাগে বুজিছা? অ’ তুমি হয়তো নুবুজিবা, বুজি পোৱা হ’লে এনেকৈ মই  ভিক্ষুকৰ দৰে পথে পথে ঘুৰি ফুৰিব নালাগে | তুমি বুজি পোৱা হ’লে মইও আজি তোমাৰ বাবে কিনিলোঁ হেতেন মুগা-পাটৰ মেখেলা, তোমাৰ শিৰত থাকিল হয় মোৰ নামৰ তেজৰঙা সেন্দুৰ | 

ঘৰৰ মানুহমখাই মোক বিচাৰি ফুৰিছে- বাটৰ মানুহে মোক দেখিলে বলিয়া বুলি শিলগুটি দলিয়ায়, কেও আক’ মাতি নি কুকুৰৰ শাৰীত বহুৱাই দানা অকণমান খুটিবলৈ দিয়ে | তুমি দিয়া ৰুমালখনৰ ৰং উৰি মটীয়া হৈছে, তোমাৰ নামটো লিখা সূতাবোৰো জহিছে, কিন্তু মই পেলাই দিয়া নাই, মানে পেলাই দিব নোৱাৰো |

তুমি যে মোৰ কবিতা পঢ়ি অবাক হৈ মোক থৰ লাগি চাই থাকিছিলা? 

তুমি যে মোৰ গানৰ কলিত চকুপানী টুকিছিলা? 

তুমি যে প্ৰতিজ্ঞা কৰিছিলা আজীৱন মোৰ হৈ থাকিবা বুলি? 

জীৱনটো বৰ দীঘল- মৃত্যুলৈ বহু সময় আছে! হয়তো তুমি সেই পুৰণি কথা মনত পেলাই কেতিয়াবা উধাতু খাই দৌৰি আহিবা ! 

সেয়ে তোমালৈ ৰৈ থাকিম মই, আমৃত্যু ... 

শান্তনু চাংমাই
অসম


জলপৰী



জলপৰী

লঠঙা গছজোপাত কিমান আৰু পুৰণি পাত সীবলৈ যত্ন কৰিম ? টিমটিম কৈ জ্বলা চাকিৰ পোহৰত কঁপা কঁপা হাতেৰে লুটিয়াওঁ পুৰণি পাণ্ডুলিপি- এপলকত হাঁহি উঠে, এপলকত বুকুত শোকে খুন্দা মাৰি ধৰে | চকুৰ সাগৰত ঢৌবোৰে উথল-পুথল কৰি ৰূপ লয় দৰিদ্ৰ বন্যাৰ- দুখ দিয়াৰ বাহিৰে যাৰ আন কোনো সকামেই যেন নাই! 

ঘুমটি আহ, ঘুমটি আহ- কিমান যে ফুচুলাবলৈ চেষ্টা কৰিছোঁ; আস, বিফল হৈছোঁ বাৰে বাৰে | গেঁঠেলা লাগি সৌ কোনোবা ধুবুৰীলৈ আঁতৰি গৈছে ঘুমটি | পৰাণত জ্বলাই একুৰা জুই- সেকিবলৈ যতন কৰিছোঁ; আঙঠা বোৰে আঙুলিৰ আগ দেই নিছে, মঙহ পোৰা পোৰা যেন গোন্ধাইছে- নিজৰেই মঙহৰ গন্ধত নিজৰেই ক্ষুধাৰ অগনি ভক কৈ জ্বলি উঠিছে; পিছ মূহুৰ্ততে নিজকে চম্ভালি গাইছোঁ নিচুকনি- আমাৰে মইনা শুব এ ... শুব এ... | 

জলপৰী এজনীৰ দৰেই ধুনীয়া আছিল তাই | হাতৰ ঠাঁৰত ৰৈ যায় বতাহ, নাচি উঠে চিকিমিকি বিজুলী- এনে আছিল তাই | ৰাগিত বিভোৰ হৈ চাই ৰৈছিলোঁ তাইৰ চেলাউৰিৰ কথাকলি নৃত্য- যিমানেই চাইছিলোঁ, সন্তুষ্টিৰ পুখুৰী ভৰি যাওক চাৰি তৃষ্ণাত আতুৰ হৈ ধপধপাই লৱৰি ফুৰিছিল মোৰ কলিজা | কৈছিলোঁ তাক- হেৰেউ, শান্ত হ’ শান্ত হ’ ... |

নুশুনিলে, চেঙেলীয়া মন, যৌৱনৰ আপঙ খাই বলিয়া হোৱা মন পিচলি গ’ল কোনোবা নেদেখা গৰ্তৰ গভীৰলৈ | বিচাৰি নাপালোঁ তাক, জলপৰীয়ে যাদু কৰিলে... বহুৱা সাজি মই চাই ৰ’লোঁ বাট কেনেবাকৈ সি উভতি আহিব বুলি | নাহিল, উলটি নাহিল তাৰ অৱশিষ্টৰ হাড় এডালো...! 

মন্দ মন্দ গতিৰে জলপৰীয়ে শুহি পেলালে প্ৰতিটো টোপাল তেজ | উৰুঙা কৰি গ’ল মোৰ আঘোণৰ পথাৰ | এতিয়া লুটিয়াওঁ পুৰণি দিনৰ পাণ্ডুলিপি, কবিতাবোৰ চুই চাওঁ- চেঁচা পৰা শবদবোৰে ক্ৰন্দন কৰি উঠে সন্তাপত | লঠঙা গছজোপাত আৰু আজি ফুল নুফুলে, পক্ষীয়ে বাহ নাসাজে, বৰষুণ নসৰে ... | 

শান্তনু চাংমাই
নতুন দিল্লী

প্ৰেমৰ দীঘল বাট


প্ৰেমৰ দীঘল বাট 

জাৰৰ নিশা কঁপি কঁপি কুঁৱলীসনা বাটত খোজ কাঢ়ি কাঢ়ি তোমাৰ কথা ভাবি যে ওঁঠত অজানিতে মিচিকীয়া হাঁহি এটা খেলাই যায়; তাৰ আমেজ তুমি নো কি বুজিবা ? তোমাৰতো বাহিৰলৈ ওলাই অহাৰ সময়েই নাই | 

কৈছোঁ শুনা-
দীঘল দীঘল বাট কিছুমান হীৰা মুকুতা মাণিকেৰে ভৰি থাকে | পথৰ দুয়োকাষে সুশৃংখল ওখ ওখ গছ | নাৰিকল গছৰ দৰে ওখ হ’লেও তাত কিদৰে ফুল ডাল ভৰি ভৰি লাগি থাকে মোৰ বুদ্ধিৰ বাহিৰত- কিন্তু বৰ ভাল লাগে জানা ? চেঁচা বতাহৰ সতে ফুলৰ সুঘ্ৰাণ যেতিয়া হাওঁফাওলৈ সোমাই যায় কি যে নুবুজা আনন্দৰ শিহৰণ জগাই তোলে | উফ্‍ - এবাৰ চকু মুদি ভাবিবলৈ যত্ন কৰাচোন কিজানি কিবা এটা বাগৰি যায়েই তোমাৰ বুকুৰ মাজেদি | 
[চকু মুদিলা? কিবা এটা অনুভৱ কৰিলা বুলিয়েই ধৰি লৈছোঁ তোমাৰ ঈষত্‍ হাঁহি দেখি | আৰু আছে শুনা ] 

হীৰা-মাণিকৰ ৰাস্তাবোৰ শেষ হোৱাৰ পিছত এটা সুৰংগ আৰম্ভ হয় | প্ৰথমতে তাত সোমাই যাবলৈ ইতস্তত: কৰিছিলোঁ | কুঁৱলীৰ কুণ্ডলী কিছু সময় গিলাৰ পিছত এখোজ দুখোজকৈ সোমাই গ’লোঁ | ঘোপ মৰা আন্ধাৰ, ফুলৰ গোন্ধো নাই – কিবা যেন অহেতুক ভয়ৰ বাষ্প বিয়পি আছে বতাহত | ঠিক যেন তোমাক আন কাৰোবাৰ হাতত হেৰুৱাই পেলোৱাৰ ভয় | হৃদয়ৰ স্পন্দন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল, তোমাক প্ৰথম লগ পোৱাৰ দিনা যেনেকৈ বাঢ়িছিল | গান এটা সুহুৰিয়াই গুণগুণাবলৈ চেষ্টা কৰিলোঁ- সুৰংগৰ দেৱালবোৰত ঠেকা খাই খাই প্ৰতিধ্বনি বহু সময়লৈকে বাজি থাকি থাকিল; মইগ গুণগুণাবলৈ বন্ধ কৰাৰ পিছতো | প্ৰেমৰ কি যে ভৌতিক ৰূপ- তুমি নুবুজিবা, তোমাৰতো এনে সুৰংগত খোজ কাঢ়িবলৈ সময়েই নাই | সুৰংগৰ ইটো মূৰ নেদেখি... হয়তো ইটো মূৰ নাছিলেই, মইম গম নাপাওঁ; কাৰণ হঠাত অটল গহবৰ এটাত মই  পিছলি পৰি গ’লোঁ ... 

[ চক নাখাবা, মই ও প্ৰথমতে চক খাই উঠিছিলোঁ কিন্তু কিছু সময়ৰ পিছত এক নজনা অনুভূতিয়ে মোক অধিক ৰোমাঞ্চিত কৰি তুলিলে ] পৰি আছোঁ পৰি আছোঁ, যেন অনাদি কাললৈকে তললৈ গৈয়েই থাকিম, ক্ষন্তেক সময়ৰ কাৰণে অহা ভয়ৰ টোপোলাটো কৰ্ফাল খাই ক’ৰবাত থাকি আহিল, তোমাৰ চেহেৰাটো মোৰ মানস পটত ভাঁহি উঠিল | এৰা, ই টো গহবৰ নহয়, তোমাৰ প্ৰেমত পৰাৰ চেতনা, যেন পৰিয়েই থাকিম পৰিয়েই থাকিম- বাৰে বাৰে | তুমি হয়তো নুবুজিবা, তোমাৰতো প্ৰেমত পৰিবলৈকো কিঞ্চিত্‍ সময় নাই | 

[তুমি হয়তো ভাবিছা, ইমান ওপৰৰ পৰা পৰি মোৰ হাড়-মূৰ গুড়া হ’ল ! মিছা, নহ’লেনো এইখন পত্ৰ তোমালৈ কি দৰে লিখিছোঁ কোৱা ? ]

তোমাৰ চকুযুৰিৰ কথা ভাবি ভাবি হাড় ভাগিলেও মোৰ দুখ নাথাকিল হয়, কিন্তু কি জানো হ’ল- মই  উৰিবলৈ ধৰিলোঁ, মোৰ পাখি দুখন গজি উঠিল, মইয় নাজানো কেনেকৈ ই সম্ভৱ, নুসুধিবা, ক’ব নোৱাৰিম | কিন্তু এই কথা সত্য যে মই উৰিবলৈ ধৰিলোঁ, প্ৰেম হ’লে মানুহে যেনেকৈ উৰি ফুৰে, ঠিক তেনেকৈ... এক পোহৰ অনুসৰণ কৰি মই  অনেক সময় ধৰি উৰিলোঁ | যেতিয়ালৈকে গৈ নাপালোঁ আকাংক্ষিত লক্ষ্যস্থান |

[হামিয়াইছা কিয়? বিশ্বাস হোৱা নাই? ঠিকেই ক’তনো বিশ্বাস কৰিবা... যোৱা ৰাতিও মই  তোমাৰ ঘৰৰ তলত তোমাৰ দ্বিতীয় মহলাৰ কোঠাটোৰ খিৰিকীৰ ফালে চাই চাই থিয় হৈ আছিলোঁ | বাহিৰলৈ এবাৰ মাথোঁ ভুমুকিয়াবলৈ তোমাৰ সময়েই নাছিল ]

শান্তনু চাংমাই
নতুন দিল্লী


খন্তেকৰ বাট


পখিলালৈ এখন প্ৰেমৰ চিঠি

"খন্তেকৰ বাট "


খন্তেকৰ বাট বুলিবলেও টান লাগে, যদিহে উপলব্ধি হয় অশান্ত | তুমি মাতিছা বুলিয়েই যাম নে? যদি তুমি ছটিয়াই দিয়া আন্তৰিকতাৰ আতৰ, কিমান দিনলৈকে থাকিব তাৰ গোন্ধ ? অহামাহতে যদি মৌলবীয়ে ধৰি বান্ধি তোমাৰ নিকাহ শ্বেখৰ লগত কৰি দিয়ে; মোৰ কি বাকী থাকিব ? মায়াৰ এবটল ফটিকাত তুমি আকণ্ঠ ডুবি থাকিবা- এইফালে আতৰৰ গোন্ধ বিচাৰি বিচাৰি ঘুৰ্মুটিয়াই থাকিব মোৰ মৰাশ’ | 

মথাউৰি বান্ধিব নিবিচাৰোঁ মই তোমাৰ আকাংক্ষাত... যিমান মন যায় সিমান দূৰ বোৱাই দিয়া তোমাৰ সপোনৰ নদী | উৰিব খুজিলেও সদায়েই খিৰিকী খোলা | মোৰ বাগিচালৈ বিপ্লৱ আনিব খুজিলেও হাক নাই | বকলা এৰাই যোৱা মোৰ ডায়েৰী বোৰ ডাকত পাইছাই চাগে...! বুজি পাইছাই দেখোন মোৰ পদূলিৰ বকুল গছজোপাৰ ফুল তেজৰ ৰঙেৰে ৰাঙলী | তথাপি মাতিছা ... 

মোৰ কাণে মূখে পৰুৱা, প্ৰেমৰ | তোমাক ক’বলৈ লাজ লাগে | জানোচা তুমি ধানকে পতান বুলি ভাবা- তাৰো ভয় | দেওঘৰত বহি ৰাতি ৰাতি আজিকালি তোমাৰ কথা ভাবোঁ, মাটিৰ মজিয়াখনতে খৰিকাৰে আঁক-বাক কৰোঁ তোমাৰ ছবি | কোনোবাই নিতৌ পুৱা মচি থৈ যায় | মচিব নোৱাৰে কলিজাত আঁকি থোৱা তোমাৰ হাঁহিটো | 

য’তে ত’তে গজি উঠা ধঁতুৰা গছবোৰ কালি চিকুনাই পেলালোঁ | তাতে খান্দিম এটি পুখুৰী, থাকিব পদুম ফুল আৰু এখনি পানচৈ- তুমি আহিলে উঠিব পাৰিবা | মামৰে ধৰা মাছবোৰে আকৌ কণী পাৰিছে জানা? আহিলে দেখিবাই নহয় |  মোক যে মাতি আছা, আব্বাজানক নোকোৱাকৈ ঈদৰ আগদিনাই পলাই নাহা কেলৈ? মোৰ দুৰ্গত তুমি সুৰক্ষিত | 
খন্তেকৰ হে বাট, আহিবা, মই বাট চাই থাকিম ৰাঙলী বকুলজোপাৰ তলতে বহি | 

শান্তনু চাংমাই
নতুন দিল্লী